• HOME
    • How to Date a Fanatic : A Novel
    • The Way You Want to be Loved : Stories
    • There is No Good Time for Bad News
    • How to Tell The Story of an Insurgency (Editor)
    • Noikhon Etia Duroit I নৈখন এতিয়া দূৰৈত
    • The House With a Thousand Stories
    • SHORT FICTION
    • POETRY
    • NONFICTION
  • PRESS
  • REVIEWS
    • The Smell of Bamboo Blossoms
    • 2026 : Ten Love Poems and a Novella of Despair
    • 2025 : An Illuminated Valley
    • 2023 My Poems Are Not for Your Ad Campaign
    • 2013 : The Bronze Sword of Thengphakhri Tehsildar
    • Uncollected Translations
  • NEWS
  • অসমীয়া
Menu

ARUNI KASHYAP

Street Address
City, State, Zip
Phone Number
Writer & Translator

Your Custom Text Here

ARUNI KASHYAP

  • HOME
  • Books
    • How to Date a Fanatic : A Novel
    • The Way You Want to be Loved : Stories
    • There is No Good Time for Bad News
    • How to Tell The Story of an Insurgency (Editor)
    • Noikhon Etia Duroit I নৈখন এতিয়া দূৰৈত
    • The House With a Thousand Stories
  • Writing
    • SHORT FICTION
    • POETRY
    • NONFICTION
  • PRESS
  • REVIEWS
  • Translations
    • The Smell of Bamboo Blossoms
    • 2026 : Ten Love Poems and a Novella of Despair
    • 2025 : An Illuminated Valley
    • 2023 My Poems Are Not for Your Ad Campaign
    • 2013 : The Bronze Sword of Thengphakhri Tehsildar
    • Uncollected Translations
  • NEWS
  • অসমীয়া

সাম্প্ৰতীক বিশ্ব সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তা I আৰুণি কাশ্যপ I সাদিন ১২ জুলাই, ২০২৬

July 12, 2026 Aruni Kashyap

২০২৬ চনৰ এপ্ৰিল মাহত কমনৱেল্থ গল্প প্ৰতিযোগিতাৰ বিজয়ী সাহিত্যিক জামিল নাজিৰৰ বিৰুদ্ধে তেওঁৰ পুৰস্কৃত গল্প “দ্যা চাৰ্পেন্ট ইন দ্য গ্ৰ’ভ“এআইৰ জৰিয়তে লিখা আৰু সম্পাদনা কৰা বুলি অভিযোগ উঠিছিল ৷ মানুহে আঙুলীয়াই দিছিল যে তেওঁৰ লেখাত এনে কিছুমান বৈশিষ্ট্য আছে যিবোৰ এআই ব্যবহাৰৰ পৰিচায়ক ৷  তাৰ পিছতে পৃথিৱীৰ আগশাৰীৰ আলোচনী আৰু কাকতত যেনে ‘নিউ য়ৰ্কাৰ’, ‘গ্ৰাণ্টা মগাজিন’, ‘গাৰ্ডিয়ান’ ‘নিউয়ৰ্ক টাইমছ’ আদিত এই বিষয়ে বহুত বাক-বিতণ্ডাৰ সৃষ্টি হ’ল । বহুত মানুহে ‘পাংগ্ৰাম এআই’ নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তাত তেওঁৰ গল্পটো সুমুৱাই দিছিল । পাংগ্ৰাম এআইৰ মূল কামটো হৈছে যে যিকোনো লেখা এআইৰ জঁৰিয়তে লিখা হৈছে নে নাই, সেই কথা বিশ্লেষণ কৰা ৷ পাংগ্ৰাম এআইয়ে প্ৰতিবেদন দিছিল যে জামিল নাজিৰৰ গল্পটো শতাংশই এআই-সৃ্ষ্ট ৷ কিন্তু পাংগ্ৰাম এআইৰ যিটো কম্পানী, তেওঁলোকে এইটোও কৈছে যে যিহেতু কেৱল ইংৰাজী ভাষা বা ইউৰোপীয় ভাষাবিলাকৰ সহায়তহে পাংগ্ৰাম এআইটো ট্ৰেইন কৰা হৈছে; গতিকে তেওঁলোকে আচলতে ১০০ শতাংশ নিশ্চয়তাৰে ক’ব নোৱাৰে আৰু তেনেকুৱা কোন এআই আজিলৈকে আবিষ্কাৰ হোৱা নাই্ ৷ অৱশেষত ‘গ্ৰাণ্টা মেগাজিন’-এ জামিল নাজিৰক এক দীঘলীয়া অনুসন্ধাানৰ পাছত দোষমুক্ত বুলি ঘোষণা কৰিলে। তেওঁৰ পুৰস্কাৰটো বাহাল ৰখা হ’ল ।

তাৰ কিছুদিনৰ পাছতে কমনৱেল্থ গল্প প্ৰতিযোগিতাৰ আণ্ছঙলিক বিজয়ী সকলৰ বিৰুদ্ধেৱো এআই ব্যৱহাৰ কৰা বুলি পঢ়ুৱৈৰ পৰা অভিযোগ উঠিল। এই বিষয়েও এক মাহ ধৰি এটা অনুসন্ধান হ’ল। কমনৱেল্থ গল্প প্ৰতিযোগিতা পতা সংগঠনটোৱে, এমাহ জুৰি বিভিন্ন বিশেষজ্ঞ আনি পৰীক্ষা-নিৰীক্ষা কৰিলে । এই বিজয়ী গল্পসমূ হ এআই ব্যৱহাৰ কৰা বুলি পাংগ্ৰাম এআইয়ে আকৌ প্ৰতিবেদন দিলে । কিন্তু অৱশেষত ২০২৬-ৰ জুন মাহৰ শেষৰফালে এমাহযোৰা এটা অনুসন্ধানৰ অন্তত এই খবৰ ৰাজহুৱা কৰা হ’ল যে এই গল্পবিলাক ৰচনা কৰোঁতে এআই ব্যৱহাৰ কৰা নাই আৰু সাহিত্যিক কেইজনৰ পুৰস্কাৰটো ৰদ কৰা উচিত নহ’ব ৷ এপ্ৰিল মাহত এই কমলৱেল্থ গল্প প্ৰতিযোগিতা লৈ বিতৰ্কৰ সত্ৰপাত  হৈছিল । জুন ২০২৬ চনৰ শেষত এই বিতৰ্কটোৰ অৱসান ঘটিছিল। কিন্তু মানুহৰ মনৰ খুদুৱনিৰ অন্ত নৌ পৰোতেই ব্ৰিটেইনৰ ‘হাৰ্পাৰ্ছ বজাৰ’ নামৰ আলোচনী এখনৰ ২০২৬ চনৰ গল্প প্ৰতিযোগিতাৰ বিজয়ী সাহিত্যিক গৰাকীোয়ো এনে এটা বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হয় ৷ সেই গল্প প্ৰতিযোগিতাৰ বিজয়ীজন হ’ল মৰিছাছৰ এগৰাকী সাহিত্যিক আৰু সেই সাহিত্যিকজনেও গল্প ৰচনা কৰোতে এআই ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ আকৌ এটা নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে । আকৌ এই বিষয়ে মানুহে বিভিন্ন ধৰণৰ চিন্তাৰ উদ্ৰেক কৰি প্ৰবন্ধ-পাতি লিখিছে। বিশেষকৈ সাহিত্যৰ লগত জড়িত হোৱা ব্যক্তিৰ সামাজিক মাধ্যম এই কথাষাৰ লৈ উত্তাল হৈছে। কিন্তু এআই ব্যৱহাৰ কৰাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা নৈতিক আক্ষেপ আৰু উদ্বেগ কিয়? এই বিষয়ে অসম কিয়, ভাৰততেই কোনো সজাগতা মই লক্ষ্য কৰা নাই ৷

বৰ্তমান যিবিলাক এআই আছে, সেইবোৰক পাইৰেটেড কিতাপৰ জৰিয়তে ভাষাবোৰ শিকোৱা হৈছিল বুলি বাতৰিত ইতিমধ্যে প্ৰকাশ পাইছে । অৰ্থাৎ যিবিলাক কিতাপৰ বৈদ্যুদিক প্ৰতিলিপি বা ইবুক থাকে—আজিকালি প্ৰায়বোৰ প্ৰকাশকে ইবুক উলিয়ায়—সেইবোৰ কিতাপৰ স্বত্ববোৰ এআই কোম্পানীবোৰে কিনি নোলোৱাকৈ,  সাহিত্যিকৰ ন্যায়িক সন্মতি অবিহনে ব্যৱহাৰ কৰি এআই মডেলবিলাকক ট্ৰেইনিং দিছিল । ইয়াৰ ফলত এটা বিৰাট ডাঙৰ নৈতিক সমস্যা আহি যায়  কাৰণ এআই মডেলবোৰ মৌলিক চিন্তা কৰাত অক্ষম ৷  তেওঁলোকে প্ৰতিষ্ঠিত ধ্যান-ধাৰণাসমূহ অত্যন্ত খৰকীয়াকৈ প্ৰচেছ কৰি বা পঢ়ি এটা নতুন সাজ পিন্ধাই বমি কৰি উলিয়াই দিব পাৰে ৷ ইয়াৰ কাৰণ এইটোৱেই যে ইন্টাৰনেটতত উপলব্ধ সমস্ত কিতাপ এই মডেলবোৰক একপ্ৰকাৰ “খুৱাই“ দিয়া হৈছে ৷  এআই মডেলবিলাকে যিহেতো চুৰ কৰা কিতাপৰ আধাৰত ভাষাটো শিকিছে এআই-সৃস্ট যিকোনো লেখাকেই ‘ফ্ৰুইট অৱ দ্য পইজন ট্ৰী’ বুলি সাহিত্য জগতত ধৰা হয় ৷  দ্বিতীয় কথা হৈছে, এআই মডেলবিলাক ট্ৰেইন কৰাৰ পিছত এই কোম্পানীসমূহৰ মূল্য কেবা বিলিয়ন ডলাৰ হৈ পৰিছে । আৰু তাৰ মালিকবোৰে অতি কম সময়তে কল্পনাতীত অৰ্থ উপাৰ্জন কৰিছে । কিন্তু একোখন কিতাপ লিখোঁতে এজন সাহিত্যিকৰ বহুত বছৰ লাগি যায় । ডনা টাৰ্টে ‘দা ছিক্ৰেট হিষ্ট্ৰী’ কিতাপখন ১০ বছৰ ধৰি লিখিছিল। মেৰিলিন ৰবিনছনে একো একোখন কিতাপ লিখোঁতে আঠৰ পৰা বাৰ বছৰ পৰ্যন্ত কষ্ট কৰে । গতিকে এই কষ্টৰ অৱশেষত তেওঁলোকৰ কিন্তু ইমান বেছি টকা-পইচা উপাৰ্জন নহয় । লেখক এজন এতিয়াও আমাৰ সমাজত—আমেৰিকাই হওক, ভাৰতীতেই হওক—আমি ধনী সাহিত্যিক বুলি ভাবিব নোৱাৰোঁ । বিলিয়নৰ পিছত বিলিয়নতো বাদেই দিছোঁ, নিজুতৰ পিছত নিজুত উপাৰ্জন কৰাগতোৱো কল্পনাতীত ৷ গতিকে লেখকৰ জীৱনজোৰা পৰিশ্ৰমৰ ফচল সমূহ কোনো অনুমতি নোহোৱাকৈ, কোনো পাৰিশ্ৰমিক নিদিয়াকৈ এআই মডেলবোৰ ট্ৰেইন কৰাটো উচিত আছিল নে? এই লৈ মার্কিন যুক্তৰাষ্ট্ৰত এতিয়া ১১৫-টা মোকৰ্ডমা চলি আছে । আমেৰিকাৰ অথৰ্চ গিল্ডে এই বিষয়ে বিষেদগাৰ কৰিছে ৷ কানাডাৰ প্ৰখ্যাত সাহিত্যিক, দুবাৰকৈ বুকাৰ প্ৰাইজ পোৱা মাৰ্গৰাট এটৱুড, আমেৰিকাৰ জনপ্ৰিয় হৰৰ উপন্যাসিক ষ্টিফেন কিঙকে আদি কৰি বহু লেখকে এআই কোম্পনাীৰ বিৰুদ্ধে কেৱল নৈতিক কাৰণতেই, সাহিত্য সমাজত বৌদ্ধিক সততা জীয়াই ৰখাৰ বাবে, ফলাফলৰ কথা নাভাবি, কেচ দিছে ৷ পেংগুইন, মেকমিলানকে আদি কৰি আগশাৰীৰ আন্তৰ্জাতিক প্ৰকাশনগোষ্ঠী বোৰেও আদালতৰ কাষ চাপিছে ৷ এই মোকৰ্দমা সমূহ সাহিত্যিকৰ সপক্ষেই আগবাঢ়ি আছে । আৰু যদি ক’ৰ্ট কেচবিলাকত সাহিত্যিকে জিকে, যিটো সম্পূৰ্ণ এটা সম্ভাৱনা আছে বুলি মানুহে কয়, তেতিয়া যিবোৰ এআই কোম্পানীয়ে অনুমতি অবিহনে কিতাপ চুৰ কৰি এআই মডেলবোৰ সৃষ্টি কৰিছিল, তেওঁলোকে হয়তো কোটি কোটি ডলাৰ এই লাখ লাখ হাজাৰ সাহিত্যিকক ক্ষতিপূৰণ হিচাপে দিবলগা হ’ব পাৰে । এনে এটা গভাইত চোৰ আহি পৰিছে, এইটো আনন্দৰ কথা নে বিষাদৰ বতৰা? সিন্ধি খান্দিয়ো নিয়ে, বন্দুক দেখুবায়ো নিয়ে! সেয়ে, এআই-সৃষ্ট লেখা মৌলিক নোহোৱাৰ বিপৰীতৰে আনৰ মূৰত কঁঠাল ভাঙি খোৱাৰ নিচিনা ৷ আমি সাহিত্যিক কিয় হৈছোঁ? কিতাপ এখজনত নিজৰ নামটো ছপা আখৰত দেখি ভাল লগাৰ কাৰণে নে আমাৰ সমাজৰ বিষয়ে থকা উদ্বেক-আশা-ভৰসাবোৰ মানুহৰ মাজত বিলাই দি সমাজৰ কিবা ভাল হ’ব বুলি আশা কৰো, এই কাৰণে? আমি কিয় লিখোঁ? ঘণ্টাৰ পিছত ঘন্টা লিখি ভাল নোপোাৰ ব্যক্তিজন সাহিত্যিক আচলতে হয়নে? এআইৰ জৰিয়তে কিতাপ লিখা, আৰ্থাত চুৰ কৰা কিতাপেৰে গঢ় দিয়া এআই মডেলে লিখি দিয়া কিতাপখন নিজৰ নামত প্ৰকাশ কৰাটো চৌৰ্য়বৃত্তিটো হয়েই, নিজে নিলিখা কিতাপ এখন নিজৰ বুলি প্ৰকাশ কৰাত কি গৌৰৱ? ইয়াক হয়তো অসমীয়াত কয়, আৰ চিগা চুলি তাৰ চিগা চুলি, বান্ধি যা নেঘেৰী খোপা! বৌদ্ধিক ভাৱে জলৌলোৱা ব্যক্তি এজনৰ কিতাপ পঢ়ি কাৰো লাভে নহয়; লোকচানহে হ’ব ৷ এই-সৃ্ষ্ট কিতাপ এখন ১০ মিনিটতে তৈয়াৰ কৰিব পাৰি, কিন্তু সেইুয়া সাৰমৰ্মহে হ’ব য’ত নাই মৌলিকতা, নাই ভাষাৰ অভিনবত্ব ৷

মাৰ্কিন যুক্তৰাষ্ট্ৰত কলা শাখাৰ ছাত্ৰ-ছাত্ৰী সকলে এআই ব্যৱহাৰ কৰিবলৈ বিচৰা নাই। তেওঁলোকে বিভিন্ন গৱেষণা গ্ৰন্থ পঢ়ি, বিভিন্ন ধৰণৰ মনোবিজ্ঞানীৰ কিতাপ পঢ়ি বুজি উঠিছে যে এআই ব্যৱহাৰ কৰি তেওঁলোকে যদি এখন গৱেষণা গ্ৰন্থ বা পত্ৰ লিখে, তেতিয়া তেওঁলোকৰ মগজুত মামৰে ধৰিব । এখন বিশালাকৃতিৰ কিতাপ - লিয়’ টলষ্টয়ৰ ‘ৱাৰ এণ্ড পিচ’ হওক বা লেৰি মেকমাৰ্থিৰ ‘লোনচাম হাৰ্ট’ - পঢ়িবলৈ হয়তো বহুত সময় লাগে। কিন্তু কিতাপ এখন পঢ়াৰ সময়ছোৱাত মানুহৰ মানসিক জগতত যি ধৰণৰ এক সমুদ্ৰ মন্থন হয় তাৰ ফলত সৃষ্টি হোৱা অমৃত আৰু হলাহল পাণ কৰিবলৈহে মানুহে ভাল উপন্যাস এখন পঢ়ে৷  শক্তিশালী আত্মকথা এখন পঢ়ি হৃদয়ত যি জোঁৱাৰ ভাটাৰ সৃষ্টি হয়, তাৰ কাৰণেহে মানুহে কিতাপ পঢ়ে ৷ এয়া মাত্ৰ বিনোদন নহয় ৷ ভাল কিতাপ এখন পঢ়াৰ সময়ত হোৱা সেই কেইবাদিনীয়া সমুদ্ৰ মন্থনটো কিন্তু চ্যাটজিপিটিক কিতাপখন ভৰাই দি তাৰ ছামাৰীটো পঢ়িলে হোৱাটো একেবাৰে অসম্ভৱ কথা । কাৰণ আমি কেৱল কাহিনী এটা জানিবলৈ কিতাপ নপঢ়ো ৷ ভাল চিনেমা এখন মানুহে কেৱল কাহিনী শেষত কি হ’ব সেই কথা  জানিবলৈ নাযায় ৷ তেনে হোৱা হলে মানুহে ৰিমেক চাবলৈ নগ’লেহেতেন, কাৰণ কাহিনীটো জানেই! মানুহে কিতাপ পঢ়ে কাহিনী এটাত নিমজ্জিত হবলৈ,  সময়বোৰ অৰ্থপূণভাবে কটাবলৈ আৰু নিমজ্জিত হোৱাৰ সময়ছোৱাত যি আবেগিক আৰু বৌদ্ধিক উপলব্দ্ধি হয়, সেইয়া সাৰমৰ্ম পঢ়ি লাভ কৰাতো অসম্ভৱ ৷ মই যিবোৰ ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিছো, তেওঁলোকে এই অভিজ্ঞতাটোৰ কাৰণেই কলেজত পঢ়িবলৈ আহিছে বুলি কয় ৷ এই সুন্দৰ উপলব্ধিৰ পৰা যাতে তেওঁলোক যাতে বঞ্চিত নহয়, সেই কাৰণে তেওঁলোকে কলেজত পঢ়িবলৈ আহিছে বুলি কয় । আৰু সেয়েহে তেওঁলোকে এআই ব্যৱহাৰ কৰাৰ যথা-সম্ভৱ বিৰোধিতা কৰে ৷

ইংৰাজী সাহিত্য পঢ়োৱাৰ লগতে মোৰ এটা কাম হৈছে সৃষ্টিশীল লেখনী লিখিবলৈ শিকোৱা। নবীন লেখকসকলক গল্প কেনেকৈ লিখিব লাগে, কবিতা কেনেকৈ লিখিব লাগে, ভাষাটো কেনেকৈ প্ৰাঞ্জলভাৱে ব্যৱহাৰ কৰি, বিভিন্ন ধৰণে ভাঁজ দি, শব্দৰ বাহাৰৰ সৈতে খেলা কৰি গল্প বা উপন্যাস লিখিব পাৰি, সেই কথা মই শিকাঁও ৷ যিবোৰ ল’ৰা-ছোৱালীয়ে মোৰ ওচৰত শিকিবলৈ আহিছে, তেওঁলোকে কয় আৰুণি কাশ্যপে এজন ব্যক্তিক উপন্যাস লিখিবলৈ যেনেদৰে শিকাব, হয়তো আন এজন সাহিত্যিকে তেনেকৈ শিকাব নোৱাৰে; কাৰণ প্ৰত্যেকজন সাহিত্যিকৰ লিখাৰ প্ৰক্ৰিয়া আৰু অভিজ্ঞতা, জীৱনবোধ, বৌদ্ধিক যাত্ৰ—এই সকলোবোৰ বেলেগ বেলেগ । গতিকে প্ৰত্যেকজনৰ পৰা তেওঁলোকৰ কিবা নহয় কিবা এটা পৃথককৈ শিকিবলগীয়া থাকে । তেওঁলোকে ক্লাছত লিখিবলৈ দিয়া গবেষণা-পত্ৰবোৰ এআইক লিখিবলৈ দিয়াৰ কোনো সাৰ্থকতা বিচাৰি নাপায় বুলি মোক জনাইছে ৷ প্ৰবন্ধ এটা কেনেদৰে লিখিব লাগে, সেইটো প্ৰথম খচৰাৰ পৰা অন্তিম খচৰালৈ কেনেদৰে লৈ যাব পাৰি, সেই কথা নিজে হাতে-কামে লাগি শিকিব বিচাৰে; সেয়ে তেওঁলোকে ইংৰাজী বা ইতিহাস বা দৰ্শনত মেজৰ লৈছে ৷ গতিকে সফ্টৱেৰ এটাক শ্ৰেণীত প্ৰয়োজন হোৱা কামবোৰ কৰিবলৈ দিলে তেওঁলোকৰ কি লাভ হ’ব? মগজুৰ কেনেদৰে কৰ্ষণ হ’ব? সাৰমৰ্ম পঢ়িলে মগজুৰ কছৰত নহয় ৷ আমেৰিকাৰ দৰে দেশত মানুহৰ মাৰ্কশ্বিট চাইটো চাকৰি নিদিয়ে? কাম কৰিব পৰাৰা ক্ষমতা চাইহে কাম দিয়ে ৷ ভাৰততো বেচৰকাৰী সংস্থাবোৰতো একেই কথা ৷ প্ৰথম বিভাগত অসমীয়াৰ মেজৰ লৈ উত্তীৰ্ণ হোৱা ব্যক্তি এজন যে ভাল প্ৰুফৰীডাৰ বা সম্পদক হব, তাৰ কোন নিশ্চয়তা নাই ৷ ভাল প্ৰুফৰীডাৰ হ’বলৈ হ’লে বানান জনাৰ লগতে শেন চকুৰো অধিকাৰী হ’ব লাগিব ৷ এআইৰ দ্বাৰা বমি কৰি উলিয়াই দিয়া কিতাপৰ সাৰমৰ্ম পঢ়ি কোনেও ভাল সম্পাদক হ’ব নোৱাৰে; উজান বজাৰৰ কোনো অভিজাত ক্লাবত গধুলি গৈ হয়তো অমুকখন কিতাপ পঢ়িছোঁ বুলি দুই মিনিটিয়া কথোপকথন এটাৰ মধ্যমণি হ’ব পাৰে ৷ ভাল সম্পাদক, ভাল সাহিত্যিক হ’বলৈ লাগিব সুগভীৰ অধ্যয়ন আৰু গভীৰ অধ্যয়নৰ এটা বৈশিষ্ট্য হৈছে দীঘলীয়া ৰচনা এখন পঢ়ি যোৱাৰ সুদীৰ্ঘ সময়ছোৱাত হোৱা নানান চিন্তাৰ খুদুৱনি, পাঠোদ্ধাৰৰ বেদনা আৰু আনন্দতৱো সেই অধ্যয়ন প্ৰক্ৰিয়াৰ এৰাব নোৱাৰা অংগ ৷ 

এআই মডেলসমূহৰ আন এটা ডাঙৰ সমস্যা হৈছে AI hallucination (হেলুচিনেচন), অৰ্থাৎ এআই-এ নিজে কিছুমান কথা কল্পনা কৰি মানুহক সত্য বুলি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে । এই বৈশিষ্টটো মডেলসমূহ প্ৰস্তুত কৰা অভিযন্তাসকলে পাৰে সিমান আঁতৰাবলৈ চেষ্টা কৰিছে, কিন্তু সক্ষম হোৱা নাই। উদাহৰণস্বৰূপে, আপুনি যদি কয় যে “মোক শংকৰদেৱৰ বিষয়ে অসমীয়াত এখন ৰচনা লিখি দিয়ক “— যিহেতু অসমীয়া ভাষাৰ তথ্য ইণ্টাৰনেটত ইমান বেছি উপলব্ধ নাই ইংৰাজী বা ফৰাচী বা স্পেনিছ ভাষাৰ তথ্যৰ তুলনাত, গতিকে এআই-এ আপোনাক শংকৰদেৱৰ ওপৰত এখন ৰচনা লিখি দিব, পৰিপাটীকৈয়ো লিখি দিব, কিন্তু মাধৱদেৱৰ জীৱনৰ পৰা কিছুমান কথা আনি আপোনাৰ ৰচনাখনত দি দিব পাৰে । তাৰপিছত মডেলবোৰে কাল্পনিক কিছুমান উৎসৰ সৃষ্টি কৰে । যদি ইন্টাৰনেটত মীৰাবাইৰ বিষয়ে কিবা লেখা আছে য’ত শংকৰদেৱৰ বিষয়ে দুটা শব্দ আছে, সেই উৎসটোকে তেওঁলোকে তাৰ লিংকটো প্ৰদান কৰি ‘Work Cited’ পেজত দি দিয়ে যে এইটোৱেই শংকৰদেৱৰ বিষয়ে এটা প্ৰবন্ধ আৰু মীৰা বাই আৰু শংকৰদেৱে জীৱন সনা-পোতকা কৰি ভুল ৰচনে এখন সৃষ্টি কৰে । গতিকে এআই ওপৰত নিৰ্ভৰশীল মানুহ এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন প্ৰায়েই হয় । পৰীক্ষামূলকভাৱে মই দুসপ্তাত মানৰ আগতে জেমিনি নামৰ গুগুলৰ এআইটোক এখন সাহিত্য বিষয়ক ৰচনাখন লিখিবলৈ অৰ্ডাৰ দিছিলো ৷ এই বিষয়টোৰ বিষয়ে ইমান বেছি ৰিচাৰ্চ হোৱা নাই, কাৰণ বিষয়টো মোৰ নিজৰ এটা ৰিচাৰ্চ টপিক ৷ এই বিষয়ে মই ক্লাচত পঢ়াইছোঁ, কিন্তু প্ৰবন্ধ প্ৰকাশ কৰা নাই কাৰণ মই ভাবো মোৰ গবেষণা এতিয়াও চালুকীয়া অবস্থাতে আছে ৷ পৃথিৱীৰ কেইবাজনমান মানুহেহে এই বিষয়ে গৱেষণা কৰি আছে আৰু তেওঁলোকেও একো প্ৰবন্ধ প্ৰকাশ কৰা নাই । যিয়েই নহওক জেমিনিয়ে মোক বহুতো কাল্পনিক তথ্য কিছুমান দিলে । মই যেতিয়া আকৌ প্ৰশ্ন কৰিলোঁ যে এই তথ্যটো আপুনি ক’ৰ পৰা বিচাৰি পাইছে, তেতিয়া মডেলটোৱে মোক উৎসটো দিবলৈ অক্ষম হ’ল। আন কেইটামান প্ৰকৃত উত্সলৈ আঙুলীয়াই মই যেতিয়া সুধিলো যে এই উৎসটোৰ কোনটো পৃষ্ঠাত এই বিষয়বস্তুটোৰ বিষয়ে লিখা আছে আপুনি মোক জনাওক, তেতিয়া মডেলটোৱে দিবলৈ অক্ষম হৈছিলে ।

মই অসমৰ বহুতো ইংৰাজী সাহিত্যৰ অধ্যাপকৰ লগত নিয়মিত যোগাযোগত থাকোঁ । কিছুদিন আগতে তেওঁলোকে মোক য়েচে দৰজে ঠংচিৰ বিষয়ে সমকক্ষ-সমীক্ষিত সাময়িকী এখনত লিখা এটা প্ৰবন্ধ মোক কেইবাজনো ব্যক্তিয়ে পঠাই দিছিল । সেই প্ৰবন্ধটোত য়েচে দৰজে ঠংচিৰ সাহিত্য কৃতিৰ বিষয়ে বিস্তৃত এটা আলোচনা আছিল । কিন্তু আটাইতকৈ আমোদজনক কথা যে, ‘মাকাম’ উপন্যাসখন য়েচে দৰজে ঠংচিয়ে লিখা বুলি ইয়াত আছে । ‘মাকাম’ৰ বিষয়ে এটা সুদীৰ্ঘ আলোচনা গৱেষণা পত্ৰখনত ব্যক্তিজনে লিখিছে । দুই নম্বৰ কথাটো হ’ল, লুম্মেৰ দাইৰ কিতাপ এখনো য়েচে দৰজে ঠংচিয়ে লিখা বুলি কৈ তেওঁ প্ৰবন্ধটোত দীঘলীয়া আলোচনা কৰিছে । যদি অধ্যাপকজনে সঁচাকৈয়ে কিতাপকেইখন পঢ়িছে, তেনেহ’লে তেওঁ কেতিয়াও ৰীতা চৌধুৰীৰ উপন্যাসখন য়েচে দৰজে ঠংচিয়ে লিখা বুলি বা লুম্মেৰ দাইৰ উপন্যাসখন য়েচে দৰজে ঠংচিয়ে লিখা বুলি নক’লেহেঁতেন । যদিয়ো খাটাংকৈ কোৱা সম্ভৱ নহয়, কিন্তু হয়তো তেওঁ প্ৰবন্ধটো এআইৰ জৰিয়তে লিখিছে, নহ’লে হয়তো বেলেগ কোনোবাই লিখি দিছে। তেওঁৰ হয়তো কোনোবা ৰিচাৰ্চ এচিষ্টেণ্টে ভুলকৈ তথ্য জমা কৰি দিছে আৰু সেইটো তেওঁ কোনো ধৰণৰ তথ্য পৰীক্ষণ নকৰাকৈয়ে প্ৰকাশ কৰিবলৈ পঠিয়াই দিলে । সমকক্ষ-সমীক্ষিত সাময়িকী খনৰ মানদণ্ডৰ বিষয়েও প্ৰশ্ন আহি যায় –তেওঁলোকে এই প্ৰবন্ধটো কেনেকৈ প্ৰকাশ কৰিলে, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন । এআইয়ে এনেদৰে মানুহক বিপদত পেলাব পাৰে ৷ এই বিষয়ে আমি সাৱধান হোৱা উচিত । আৰু সাৱধানতাটো অৱলম্বন কৰাৰ নামত মই ভাবোঁ যে নিজেই কিতাপবিলাক পঢ়ি পেলাই আমি নিজৰ লেখাবিলাক লিখা উচিত ।

বহুতেই ক’ব খোজে যে এআইৰ ব্যবহাৰৰ ফলত আমাৰ কামবোৰ খৰকতীয়া হৈ পৰিছে ৷ সময় ৰাহি হৈছে ৷  এটা সৰু উদাহৰণ দি মই কথাটো বুজাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ ফলত কেনে দীৰ্ঘম্যাদী অপকাৰ হ’ব পাৰে বহলায় ক’ম ৷ ধৰা হ’ল এবস্ট্ৰক লিখন ৷ একাডেমিক সকলৰ কাৰণে এইটা এটা নগন্য কিন্তু গুৰুত্বপূৰ্ণ আৰু এৰাব নোৱাৰা কাম ৷ গৱেষণা পত্ৰৰ এবস্ট্ৰেক এখন অধ্যাপক আৰু ৰিচাৰ্চ স্কলাৰৰ কাৰণে গুৰুত্তপূৰ্ণ ডকুমেন্ট ৷ কনফাৰেন্সত আমন্ত্ৰন পাবলৈ এবস্ট্ৰেক লিখিব লাগে ৷ কিতাপ এখনত প্ৰবন্ধ প্ৰকাশ কৰিবকৈ এবস্ট্ৰেক লিখিব লাগে৷ এবস্ট্ৰেকখন গ্ৰহণ কৰিলেহে প্ৰবন্ধটো জমা দিবলৈ আমন্ত্ৰন পায়,  আৰু পাছলৈ প্ৰকাশ হয় ৷ সাহিত্যৰ গবেষণাৰ জগতখনত ইয়াৰ এটা অদ্ভূত প্ৰভাৱ মই দেখিবলৈ পাইছোঁ ৷ বহুতে ক’ব খোজে যে এবষ্ট্ৰেক এখন লিখিবলৈ বহুত সময় লাগে আৰু এতিয়া আমি ৩০ চেকেন্ডতে এআইৰ জৰিঁয়তে লিখিব পাৰো । কিন্তু এতিয়া এআই যিহেতু মানুহৰ হাতে হাতে উপলব্ধ হৈ গৈছে এআই-লিখিত বিভিন্ন এবষ্ট্ৰেক আমি পঢ়িবলৈ পাওঁ । বহুতো সভালৈ আবেনদন কৰি দিয়া দেশ-বিদেশৰ গবেষকে লিখা এবস্ট্ৰেক পঢ়াৰ সুযোগ মই বছৰি পাঁও ৷ ইয়াৰ আগতে, ভালদৰে লিখা, গভীৰ চিন্তাৰ, নব্য দৃষ্টিভংগীৰ এবস্ট্ৰেক সদায়েই চকুত পৰে আৰু সেইবোৰ সহজে গ্ৰহণ কৰিব পাৰি ৷  কিন্তু তাৰ মাজতে বহুত হাত নপকা ব্যক্তি অথচ চিন্তাৰ পৰিপক্কতা থকা এবস্ট্ৰেক আমি পাঁও; সেইবোৰো আমি গ্ৰহণ কৰো, আশা কৰি, যে নতুন বিষয় এটাৰ ওপৰত ৰিচাৰ্চ পেপাৰ এখন আহক ৷ কিন্তু এআই সহজলভ্য হৈ যোৱাৰ পাছত আমি দেখিছোঁ, প্ৰায়ভাগ এবস্ট্ৰেকেই ভালদৰে, ভাষা লগায় লিখা আৰু মসৃন কিন্তু তাত চিন্তাৰ পৰিপক্কতা নাই ৷ আপাতঃ দৃষ্টিত চালে এনে লাগে যেন সেইখন এখন ভাল গবেষণা পত্ৰৰ চানেকি কিন্তু অলপ মন দি পঢ়িলেই গম পোৱা যায় তাত নাই অভিনঙ চিন্তা, নাই চিন্তাৰ পৰিপক্কতা ৷ সেই এআই-এ লিখা এবস্ট্ৰেকবোৰ ব্যক্তিত্ব-বিহীন ৷ আগতে, নিম্ন মানদণ্ডৰ লেখাবোৰতো আছিল এজন ব্যক্তিৰ ফিংগাৰপ্ৰিন্টৰ দৰে এটা নিজস্বতা ৷ আগতে মানুহে লিখা এবষ্ট্ৰেকবিলাকত হাত পকোৱাৰ যি শৈলী আৰু বৈশিষ্ট্য আমি দেখা পাইছিলো, সেইবোৰ দেখিবলৈ পোৱা নাই এইআই সৃষ্ট এবস্ট্ৰেকবোৰত ৷ কি সেই বৈশিষ্ট্য মানব-সৃষ্ট এবস্ট্ৰকবোৰত?  ভাষাৰ লগত খেলিব পৰা প্ৰতিভা, শব্দচয়ন, বাক্যৰ গাঁঠনি, এইবোৰ পঢ়ি খুউব সহজেই বুজিব পাৰি ব্যক্তিজন ক’ৰ, ভাষাৰ ওপৰত তেওঁৰ কিমান দখল আছে, আদি ৷ কিন্তু এআইয়ে লেখা এবস্ট্ৰেকবোৰত কোনো ব্যক্তিত্ব নাই ৷ সকলো ভাল মানদণ্ডৰ, কিন্তু ৰসাস্বাদন কৰিবলৈ তাত একো নাই । কিন্তু যিবিলাক, গবেষকে হয়তো নিজহাতে লিখিছে, তেওঁলোকৰ লেখা আৰু ভাষাৰ ব্যবহাৰত মৌলিকতা থকাৰ লগতে, মনত ছাপ বঢ়াই যোৱা আৰু সহজতেই ধৰিব পাৰি মানব-সৃ্ষ্ট বুলি ৷ ইয়াৰ উপৰিয়ো আন এটা প্ৰত্যাহ্বান আহি পৰিছে ৷ এআই-সৃষ্ট বুলি সন্দেহ হ’লে আজিকালি আগশাৰীৰ জাৰ্ণেলবোৰৰ সম্পাদক মণ্ডলীয়ে নৈতিক আৰু বৌদ্ধিক সততাৰ খাতিৰত সেইবোৰ প্ৰত্যাখ্যন কৰিবলৈ লৈছে – চিন্তাৰ পৰিপক্কতা থকা, নতুন ধ্যন-ধাৰনাৰ এব্স্ট্ৰেকো এইআই-সৃষ্ট বুলি সন্দেহ কৰিলে প্ৰত্যাখান আমি কৰো ৷ আজিকালি পৃথিৱীৰ আগশাৰীৰ আলোচনী, জাৰ্ণেলবোৰত লিখা জমা দিয়াৰ লগতে, “মই এআই ব্যবহাৰ কৰা নাই“ বুলিয়ো শপতনামা এখন দিব লাগে ৷

অৰ্থাত গবেষকৰ কাৰণে সমস্যা বাঢ়িলহে ৷ এবস্ট্ৰক এখন এতিয়া কেৱল ভাল হ’লেই নহ’ব ৷ কাৰণ আপাতঃ দৃ্ষ্টিত ভাল যেন লগা এবস্ট্ৰেক যিকোনো মানুহেই লিখিব পাৰিব আজিৰ যুগত৷ কিন্তু এতিয়া, এআই ব্যবহাৰ কৰা মানুহজনৰ  লিখনশৈলীয়ো ভাল হ’ব লাগিব যদি আনতকৈ পৃথক হিচাপে নিজকে দেখাব বিচাৰে—অৰ্থত, এআইৰ দ্বাৰ লিখা এবস্ট্ৰেক বোৰত তেওঁলোকে হাত ফুৰাব লাগিব; ফলত, কাম বাঢ়িল৷ যিবোৰ মানুহে এআই সাৰমৰ্ম পঢ়ি আহিছে, তেওঁলোকে সেই কাম কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰ ভাষাৰ ওপৰত হয়তো দখল নাই, সৃষ্টিশীল ভাৱে লিখিব নোৱাৰে, ইত্যাদি ৷ সেয়েহে এআইৰ-সৃষ্ট  এবস্টেকবোৰ বেছিভাগেই প্ৰত্যাখিত হ’বলৈ ধৰিছে, কাৰণ ইয়াৰ মানদণ্ড যদিও ওপৰে ওপৰে উন্নত যেন লাগে, ইয়াত এআয়ে কৰা ভুলবোৰ একেই ৷ ইয়াৰ ফলত এটা নতুন প্ৰতিযোগিতাৰ সৃষ্টি হৈছে : এআই ব্যবহাৰ নকৰাকৈ লিখা, চিন্তাৰ পৰিপক্কতা থকা এবস্ট্ৰেবোৰ বেছি জাকত-জিলিকা হৈ ধৰা দিছে, আৰু সেইবোৰ বিচাৰক মন্ডলীয়ে গ্ৰহণ কৰিছে দুই-এটা ভুল থকা সত্বেও ৷ ইমানবোৰ গামোচাৰ পয়োভৰৰ সময়ত তাঁতত হাতেবোৱা গামোচাখনৰ মূল্য কিয় বেছি? হাতেবোৱা বুলি কেনেদৰে গম পায়? অ’ত-ত’ত সূঁতা এডাল ওলা্য় থাকে, সম্পূৰ্ণ মসৃণ নহয়, কিন্তু চুলেই গম পায় বহুদিন যাব বুলি ৷ পাৰফেক্ট নহয়, কিন্তু সুন্দৰ ৷ ক্লিয়’পেট্ৰাৰ নাকটোৱো হেনো পাৰফেক্ট নাছিল আৰু হোৱাহেতঁন ৰোমান সাম্ৰাজ্যৰ বুৰজ্ঞীয়ো আজি বেলেগ হ’লহেঁতেন বুলি মানুহে ধেমালী কৰি কয় ৷

আজি নোৱাল হাৰাৰী কিয় ইমান জনপ্ৰিয়? তেওঁ যিবোৰ কথা কয়, সেইবোৰটো হাজাৰ হাজাৰ গবেষকে কৈ গৈছে৷ কাৰণ তেওঁ সেইবোৰ পঢ়ি নিজস্ব শৈলীৰে গবেষণা গ্ৰন্থবোৰ লিখি সেইবোৰ আনতকৈ পৃথক কৰি তুলিছিল ৷ কেন্সাৰৰ বিষয়ে হাজাৰ হাজাৰ কিতাপ আৰু জনপ্ৰিয় নিবন্ধ আছে ৷ সিদ্ধাৰ্থ মূখাৰ্জীৰ কিতাপখনেনো কিয় পালে ইমান জনপ্ৰিয়তা আৰু সমাদৰ আৰু পুলিতজাৰ বঁটা? মিচিঅ’ কাকো কিয় বিখ্যাত? ইমানবোৰ লাখ লাখ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছে ৷ কাকোৰ কিতাপ এখন পঢ়িবলৈ আৰম্ভ কৰিলে এৰা টান ৷ এই সকলোবোৰৰ গবেষকে কিন্তু জন্মতে কেনেদৰে ভাল লেখা লিখিব পাৰি, সেই কথা অভিমন্যু-ষ্টাইলত মাকৰ পেটটেই শিকি অহা নাই ৷ তেওঁলোকৰ কিতাপ এখন উধৰ পৰা মুধলৈ পঢ়ি কাহিনী কথনৰ শৈলী বা নেৰেটিভ টেকনিক আয়ত্ব কৰিছে ৷ সাৰমৰ্ম পঢ়ি হাৰাৰী হ’ব নোৱাৰি ৷ তাৰকাৰণে সুক্ষ্ম আৰু দীঘলীয়া অধ্যয়ন লাগিব - তথ্যৰ কাৰণে নহয়, ভাষাৰ ব্যবহাৰ, কাহিনীৰ বিন্যাস শিকিবলৈ ৷

এ আইত জৰিয়ঁতে লিখা ৰচনাবোৰত, গবেষণাপত্ৰবোৰত কোনোধৰণৰ ব্যক্তিত্ব নাথাকে ৷ এইটো এআইৰ এটা ডাঙৰ চৰিত্ৰ ৷ এআইয়ে লিখা প্ৰবন্ধত হয়তো তথ্যখিনি পুংখানুপুখকৈ আৰু পৰিপাটীকৈ থাকিব পাৰে, কিন্তু সেই একেখিনি তথ্য বা একেখন এআইয়ে লিখা গবেষণাপত্ৰ যদি এজন ভাল লেখকৰ হাতত আহি পৰে, ভাল লেখা লিখিব পাৰা সাহিত্যিজনে তাত এক নতুন মাত্ৰা দিব পাৰিব ৷ এআইৰ ব্যবহাৰৰ ফলত তথ্যৰ বিচাৰ-খোচাৰ কৰা সময়খিনি কমি যাব ৷ কিন্তু মধ্যমেধা-সম্পন্ন প্ৰবন্ধকাৰ এজনে তথ্যগধুৰ প্ৰবন্ধ এটা লিখি অঁটাই দিব পাৰিব, কিন্তু প্ৰতিভাধৰ প্ৰবন্ধকাৰজনে একেখিনি তথ্য লৈ এটা যুগমীয়া, ৰসাল, বা নেৰেটিভ টেকনিকৰ ফালৰ পৰা অভিনৱ প্ৰবন্ধ লিখিব পাৰিব ৷ প্ৰতিভাধৰজনৰ মূল্য আৰু বাঢ়িব, কাৰণ তেওঁ খৰকতীয়াকৈ কাম কৰিব পাৰিব, কিন্তু এআইক লৈ আহ্লাদিত হোৱা মধ্যমেধা-যুক্ত ব্যক্তিজনৰ উত্তৰণ কেতিয়াও নহ’বগৈ ৷ তেওঁলোক এআইৰ যুগত হৈ পৰিব সহজে প্ৰতিস্থাপনযোগ্য বা তেওঁলোকৰ কৰ্মৰ মুল্য হৈ পৰিব তেনেই ক’ম ৷  প্ৰতিভাধৰজনৰ মূল্য হৈ পৰিব বহুত বেছি ৷ কাৰণ মধ্যমেধাৰ ব্যক্তিজনে এটা সময়ত ভাল লিখিলেহেতেঁন গৈ, কিন্তু এআই নিৰ্ভৰশীল হৈ পৰাৰ ফলত, কৰ্ষণৰ অভাৱত, তেওঁ ৰৈ গ’ল ত্ৰিশংকুৰ দৰে আৰু তেওঁ  পিছত থকা, এআই ব্যবহাৰ নকৰা মানুহবোৰে এটা সময়ত তেওঁক পিছ পেলাই শালপ্রাংশুৰ দৰে উৰ্ধমুখি-উৰ্ধবাহু হৈ আগবাঢ়ি গ’লগৈ ৷ মৌলিক চিন্তা কৰিব পৰা ক্ষমতা মধ্যমেধাr হেৰাই যাব ৷ মধ্যমেধা হৈ পৰিব মূল্যহীন ৷

আমাক কেনেকুৱা এখন সমাজ লাগে? সকলোৱে এসাঁজ খাই টোপনি যাব পৰা সমাজখন এখন লাগে নে এনে এখন সমাজ য’ত মাত্ৰ কেইজনমান মানুহে নানানটা ব্যনজ্ঞন খায় সোণৰ পালেঙত এচি ৰুমত শুবলৈ যায় ৷ প্ৰথম সমাজখনত মানুহবোৰে পেটৰ ভোক পেটটেই লৈ বিছনালৈ গৈয়ো শুব নোৱাৰৰে কাৰণ প্ৰচুৰ গৰম, তেওঁলোকৰ এচি নাই, আৰু এচি থকাবোৰৰ কাৰেন্ট নাই ৷ সেই দৃশ্য আমি মুম্বাইৃৰ সাগৰৰ পাৰত শুই থকা হাজাৰ হাজাৰ মানুহৰ মাজত এতিয়াই দেখিবলৈ পাইছোঁ  ৷ এআই ডাটা চেন্টাৰবোৰ সেই মহানগৰৰ আশে-পাশে সাজিবলৈ লঁওতে পৰিবেশ বিজ্ঞানী সকলে হৈ-চৈ কৰিছিল, কিন্তু সেই সময়ত মুম্বাইৰ কোনো তাৰকাই মাত নামাতিলে ৷ আৰু এতিয়া? চিত্ৰতাৰকাই হা-পানী হা-বিদ্যুত কৰি ৰিলচ্ বনাইছে ৷ কিন্তু তেওঁলোক এচিবিহীন, পানীবিহীন, প্ৰসাদবোৰত বন্দী, কটাইছে উজাগৰী নিশা ৷ বাকি মানুহবোৰে অন্ততঃ সাগৰৰ তীৰত শুব পৰা স্বাধীনতা আছে ৷ ত্ৰিলিয়ন ডলাৰৰ মালিক এজনে মংগল গ্ৰহত উপিনিবেশ পতাৰ কথা কোৱা সমাজখনত যদি আজিও হাজাৰ হাজাৰ মানুহে খাবলৈ নাপায় মৰে, সেই ত্ৰিলিয়ন ডলাৰৰ কি মূল্য?

মধ্যমেধা-সম্পন্ন মানুজনৰ জানো সন্মানেৰে জীয়াই থকাৰ অধিকাৰ নাই ?

 

Interview in DAINIK JANAMBHUMI, JUNE 22, 2024 →
Summary Block
This block is invalid. Please check the block settings and try again.
Featured
Aenean eu leo Quam

Powered by Squarespace