• HOME
    • The Way You Want to be Loved : Stories
    • There is No Good Time for Bad News
    • How to Tell The Story of an Insurgency (Editor)
    • Noikhon Etia Duroit I নৈখন এতিয়া দূৰৈত
    • The House With a Thousand Stories
    • SHORT FICTION
    • POETRY
    • NONFICTION
  • PRESS
  • REVIEWS
  • BIBLIOGRAPHY
    • 2026 : Ten Love Poems and a Novella of Despair
    • 2025 : An Illuminated Valley
    • 2023 My Poems Are Not for Your Ad Campaign
    • 2013 : The Bronze Sword of Thengphakhri Tehsildar
    • The Smell of Bamboo Blossoms
    • Uncollected Translations
  • NEWS
  • অসমীয়া
Menu

ARUNI KASHYAP

Street Address
City, State, Zip
Phone Number
Writer & Translator

Your Custom Text Here

ARUNI KASHYAP

  • HOME
  • Books
    • The Way You Want to be Loved : Stories
    • There is No Good Time for Bad News
    • How to Tell The Story of an Insurgency (Editor)
    • Noikhon Etia Duroit I নৈখন এতিয়া দূৰৈত
    • The House With a Thousand Stories
  • Writing
    • SHORT FICTION
    • POETRY
    • NONFICTION
  • PRESS
  • REVIEWS
  • BIBLIOGRAPHY
  • Translations
    • 2026 : Ten Love Poems and a Novella of Despair
    • 2025 : An Illuminated Valley
    • 2023 My Poems Are Not for Your Ad Campaign
    • 2013 : The Bronze Sword of Thengphakhri Tehsildar
    • The Smell of Bamboo Blossoms
    • Uncollected Translations
  • NEWS
  • অসমীয়া

বিশ্ব সাহিত্য হিচাপে অসমীয়া সাহিত্য: ভেনিটি কিতাপ আৰু অসমীয়া সাহিত্যৰ মানদণ্ডৰ অৱক্ষয় (২য় খণ্ড)

January 28, 2024 Aruni Kashyap

বিশ্বৰ পাঠকৰ মেজত সৌৰভ কুমাৰ চলিহাৰ কিতাপে টনি মৰিছন আৰু হাৰুকি মুৰাকামীৰ সৈতে গা-ঘেলাই থাকিবলৈ, নিউ য়ৰ্ক টাইমত য়েচে দৰকে ঠংচিৰ সাহিত্যৰ আলোচনা, চিনোৱা এচিবিৰ সৈতে একে শিতানতে হ’বলৈ হ’লে আমাৰ সাহিত্য জগতৰ বৌদ্ধিক দিশটোৰো উন্নতি হ’ব লাগিব ৷ এই সমস্যাটোৰ বহুতো স্তৰ আছে, কিন্তু মই আজি মাত্ৰ এটা স্তৰৰহে আলোচনা কৰিম ৷ এই সমস্যাটোৰ সমাধানৰ মূল চাবি-কাঠিটো কিন্তু আছে অসমৰ প্ৰকাশকৰ হাততহে ৷ আন কোনেও এই পৰিবৰ্তন সাধন কৰিব নোৱাৰে; অবশ্যে আমাৰ প্রথিতযশা লেখক কিছুমানে কিছু আদৰ্শগত স্থিতি ল’লে সকলোৰে উন্নতি সাধন হ’ব ৷

প্ৰতিবাৰেই অসমলৈ আহিলে শুনো কোনো নবীন (বয়সৰ ফালৰ পৰা সদায় তেওঁ তৰুণ নহ’বও পাৰে) সাহিত্যিকৰ মুখত : অমুক প্ৰকাশকে মোৰ কিতাপখন প্ৰকাশ কৰিবলৈ গাত লৈছে, মই কিন্তু ডেৰ-শ কপি কিনি ল’ব লাগিব ৷ সেই সংখ্যাটো কেতিয়াবা ডেৰশ, কেতিয়াবা দুশ, কেতিয়াবা হয়তো ততোধিক। কিন্তু এই প্ৰথাটোৰ কথা আজি বহুবছৰ ধৰি শুনি আহিছোঁ চিনাকি বিশেষকৈ নতুন লেখকৰ মুখত৷ ২০২৩ বৰ্ষত এজন তৰুণ আৰু আন এজন মোতকৈ বয়সত ডাঙৰ নবীন লেখকৰ লগত এই বিষয়ে আলোচনাও হ’ল, আৰু এই লেখা লিখাৰ সময়ত মই সেই নবীন-তৰুণ লেখকজনৰ লগত হোৱা কথোপকথনখিনি আকৌ পঢ়ি চাই দুঃখিত হৈছোঁ ৷ মোৰ এই চিনাকি লেখক জনক মই কৈছিলো, আপুনি কিয় ডেৰশ কপি কিনি ল’ব লাগে? প্ৰকাশকে আপোনাক আপোনাৰ শ্ৰম আৰু প্ৰতিভাক সন্মান জনাই দিবহে লাগে এটা আগধন? আৰু কিতাপ বিক্ৰি কৰাৰ কামটো আপোনাৰ নহয়, প্ৰকাশকৰ ৷ তদুপৰি, আপোনাৰ প্ৰতিভা আৰু শ্ৰমৰ প্ৰতি এইটো এটা অপমান ! আপুনি সেই ডেৰশ কপি লৈ কি কৰিব? অবশেষত গ্ৰন্থমেলাৰ আগে আগে তেওঁৰ কিতাপ প্ৰকাশ হ’ল ; ডেৰশ কপিৰ দলদোপ-হেন্দোলোপ দৌৰৰ দম আৰু দৌৰাত্মৰ অবিহনে হৈছিল নে নাই নাজানো, কিন্তু এনে এটা কথাৰ উত্থাপন হোৱাটোৱেই হতাশাজনক ৷ এই বিষয়ে আমাক পৰিসংখ্যা লাগে, কোনে কিমান কিতাপ এনেদৰে ভেনিটি কিতাপ প্ৰকাশ কৰিছে কিন্তু সেই কথা ষ্পষ্ট কৰি দিয়া নাই কিতাপৰ বেটুপাতত ৷ কিন্ত যদি কম-পৰিমাণেও হৈছে, সেইয়া পৰিতাপৰ বিষয় আৰু ই আমাৰ সাহিত্য জগতৰ ক্ষতি কৰিব ৷

কিন্তু তাতোতকৈয়ো দুখৰ কথা এইয়া যে এই প্ৰথাটোৱে অসমত এজন কিতাপ লিখিম বুলি সপোন দেখা তৰুণ লেখকক এই বাৰ্তা দিয়ে যে “তোমাৰ প্ৰতিভাৰ মূল্য মাত্ৰ ডেৰশ কপি কিতাপৰ সমান৷” কিতাপ এখন প্ৰকাশ কৰাৰ মূল চৰ্ত যদি সাহিত্যিক মানদণ্ডৰ সলনি ডেৰশ কপি কিতাপৰ মূল্য দিব পৰা ক্ষমতা—-তেনেহ’লে এইয়া আমাৰ সাহিত্য জগতৰ প্ৰতি এটা অশনি সংকেত ৷ সাধাৰণ মানুহে ভাবিবলৈ আৰম্ভ কৰিছে যে লেখক হোৱাটো প্ৰতিভাৰ কথা নহয়, টকাৰহে খেল ৷ তেনে এটা সাহিত্য উদ্যোগে বিশ্ব-সাহিত্যলৈ হাত মেলাটো দূৰৈৰে কথা, সদৌ দিশপুৰ-ভিত্তিক অমুক সাহিত্য প্ৰতিযোগিতাৰ ফালে কেৰাহিকৈ চোৱাও অনুচিত ৷

আন এটা কথা, যদি কিতাপ এখন সন্মানীয় প্ৰকাশকৰ দ্বাৰা প্ৰকাশৰ মুখ দেখাৰ যোগ্যতাটো কেৱল ডেৰশ কপি লেখকে কিনি ল’ব পৰা ক্ষমতাটোৱেই, তেনেহ’লে আমাৰ অসমৰ গাৱে-ভুঞে পাঁচশ টকাৰ নোট এটা লৈ গ্ৰন্থমেলাত কিতাপ কিনিবলৈ চুচুক-চামাককৈ সোমোৱা এজন প্ৰতিভাভান প্ৰতিশ্ৰুতি-সম্পন্ন তৰুণ সাহিত্যিকে কেতিয়াবা জীৱনত প্ৰতিভা থাকিয়ো কিতাপ এখন প্ৰকাশ কৰাৰ সপোনটো জলাঞ্জলি দিয়াটোৱেই তাৰমানে শ্ৰেয়? আমাৰ প্ৰচলিত ব্যবস্থাই জানো এই বাৰ্তা কঢ়িওৱা নাই সাধাৰণ পাঠক আৰু অৰ্থহীন তৰুণ লেখকৰ কাৰণে—যে অসমত কেৱল অৰ্থ থাকিলেহে কিতাপ প্ৰকাশ কৰিব পাৰি নেকি? প্ৰতিভাৰ কোনো মূল্য নাই নেকি? এই প্ৰথাই আমাৰ সাহিত্যৰ মানদণ্ডৰ যে প্ৰচুৰ অৱক্ষয় কৰিছে সেই কথা মই কেইটিমান উদাহৰণৰ সহায়ত বুজাই দিব বিচাৰিছোঁ আৰু এটা সমাধান দিবলৈ চেষ্টা কৰিম ৷ মই জানো আমাৰ সাহিত্য জগতখন সৰু, আৰু প্ৰকাশক সকলৰ নানান আৰ্থিক সমস্যাৰ মাজত ককবকাই থাকিয়ো কিতাপ প্ৰকাশ কৰি সাহিত্য জগতলৈ অৱদান আগবঢ়াই আছে ৷ মোৰ অভিযোগ এই প্ৰথাটোৰ প্ৰতিহে, যাক ইংৰাজীত ভেনিটি পাবলিচিং বুলি কোৱা হয় – কোনো ব্যক্তিৰ প্ৰতি নহয় ৷

আমি আজি পেংগুইনে অসমীয়া কিতাপ এখন প্ৰকাশ কৰিলে কিয় ইমান ভাল পাওঁ? কাৰণ এইটো একধৰণৰ স্বীকৃতি যে পেংগুইনৰ নিচিনা এটা ভাল প্ৰকাশনৰ কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে গৈ অসমৰ কিতাপ এখন প্ৰকাশ পাইছে, এইটো আমাৰ কাৰণেই গৌৰৱৰ কথা ৷ বাৰু পেংগুইনৰ কথা বাদ দিলো ৷ আমি উৰ্বশী বুটালিয়াই চলোৱা জুবানৰ কথাই ধৰো : কেৱল মহিলা আৰু কুৱ্যেৰ সাহিত্যিকৰ লেখা প্ৰকাশ কৰা জুৱান পৃথিৱীৰ ভিতৰতে এটা সন্মানীয় প্ৰেচ ৷ সাহিত্য প্ৰকাশৰ জৰিয়তে ভাৰতত নাৰীবাদী চিন্তাৰ বিপ্লৱ অনাৰ বাবদ প্ৰকাশক বুটালিয়াই জাৰ্মান চৰকাৰৰ পৰা গ’ৱেথে মেডালিয়ে সন্মান, ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান আৰু ফৰাছী চৰকাৰৰ পৰা চ্শেভেলিয়ে দি আৰ্টে পুৰস্কাৰ পাইছে ৷ বহুতো মহিলা লেখকে পেংগুইনক বাদ দি জুবানৰ সৈতে মাত্ৰ এই সন্মানীয় প্ৰকাশনটোৰ সৈতে নিজৰ নাম সংযুক্ত কৰিবলৈকে কিতাপ প্ৰকাশ কৰে ৷ মামনি ৰয়ছম গোশ্বামীৰ শেষ উপন্যাস ‘থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল--খন তেওঁলোকে প্ৰকাশ কৰিছিল মোৰ অনুবাদত ৷ কোনো আগধন দিবলৈ তেওঁলোকৰ বাজেট নাছিল কিন্ত মামণি বাইদেৱৰ তেওঁলোকৰ প্ৰতি আছিল অগাধ সন্মান ৷ তেওঁলোকৰ নাৰীবাদী সাহিত্যৰাজিয়ে ভাৰতলৈ অনা সাহিত্যিক বিপ্লৱৰ বাবে নিজৰ কিতাপখন জুবানৰ সৈতে প্ৰকাশ কৰিবলৈ ৰাজী হৈছিল ৷ আন্তৰাষ্ট্ৰীয় সাহিত্য জগতত জুবান আৰু উৰ্বশী বুটালিয়াৰ নাম সকলোৱে জানে ৷ তেওঁলোকৰ লগত কাম কৰিবলৈ অতি কম বয়সতে সুযোগ পাই ময়ো বহুখিনি শিকিছিলো৷ জুবানে এটা সৰু আকাৰৰ প্ৰকাশক হৈ, আৰ্থিক ভাবে পেংগুইনৰ দৰে টনকিয়াল নোহোৱা স্বত্তেও, এই আন্তৰাস্ট্ৰীয় মান-সন্মান, লেখকক ডেৰশ কপি কিনিবলৈ বাধ্য কৰি অৰ্জা নাই ৷ জুবানৰ দৰে প্ৰকাশক সকলৰ এটাই মাত্ৰ মন্ত্ৰ : সাহিত্য জগতখনৰ প্ৰতি দায়ৱদ্ধতা, দায়বদ্ধতা আৰু দায়বদ্ধতা৷ নিজৰ ক্ষেত্ৰখনৰ প্ৰতি অৰিহণা যোগোৱা কামটো ইমানেই টান নে?

এই টকা দি কিতাপ প্ৰকাশ কৰা প্ৰথাটোক ভেনিটি পাবলিচিং বুলি কোৱা হয় ৷ মই নিবিচাৰো ইয়াৰ সম্পূৰ্ণ নিৰ্মূল হওঁক আৰু সেই আশা কৰা উচিতো নহয় ৷ বহুতেই হয়তো নাজানে, ভাৰ্জনিয়া ৱুল্ফে নিজৰ কিতাপ নিজেই প্ৰকাশ কৰিছিল ৷ তেওঁৰ লেখাবোৰ সময়তকৈ ইমান বেছি আগবঢ়া আছিল যে সাধাৰণ প্ৰকাশকে সেই লেখা প্ৰকাশ কৰিবলৈ বিচৰা নাছিল ৷ মোৰ যিমানদূৰ মনত আছে, কানাডিয়ান লেখক, দুবাৰকৈ বুকাৰ বিজয়ী মাৰ্গাৰেট এটৱুডেও তেওঁৰ প্ৰথম কিতাপ নিজেই প্ৰকাশ কৰিছিল ৷ কেতিয়াবা কিছুমান লেখকৰ জন্ম হয় যাৰ সাহিত্য ইমান বেলেগ আৰু আগবঢ়া যে প্ৰচলিত ব্যৱস্থাই তেওঁৰ লেখাৰ মূল্যায়ন কৰিবলৈ অসমৰ্থ হয় ৷ ঠিক তেনেদৰে কেইবা নিযুতৰ কপি বিক্ৰি হৈ অভিলেখ সৃ্ষ্টি কৰা কিতাপ যেনে ষ্টিফেনি মেয়াৰসৰ ভেম্পায়াৰ-ৰোমান্ছ ত্বাইলাইট ছাগা উপন্যাসবোৰ বা ই. এল. আৰ. জেম্চৰ ইৰ’টিকা বা কামোদ্দীপক কাহিনী ফিফটি শ্বেডচ অৱ গ্ৰে নামৰ উপন্যাসাৱলী সকলো প্ৰকাশকে অখাদ্য বুলি প্ৰথমতে প্ৰত্যাখান কৰাৰ পাছত লেখক দুজনে কিতাপবোৰ স্বপ্ৰকাশ কৰিছিল আৰু ইমান জনপ্ৰিয় হৈছিল যে একেৰাতিতে কোটিপটিত পৰিণত হৈছিল ৷ পাছলৈ কেইবা নিযুত ডলাৰ আগধন দি, শকত ৰয়েল্টিৰ চুক্তি কৰি এই লেখক সকলৰ সকলো কিতাপ যিবোৰ প্ৰকাশকে সাহিত্য নহয় বুলি প্ৰত্যাখান কৰিছিল, সেই প্ৰকাশক সকলেই প্ৰকাশ কৰিবলৈ পুনৰায় আগবাঢ়ি আহিছিল ৷ কলাত্মক দিশটোৰ ফালৰ পৰা সেই কিতাপবোৰৰ সিমান মূল্য নাথাকিব পাৰে, কিন্তু সেইবোৰ কিতাপৰ বিক্ৰীয়ে কিতাপৰ জগতখনক বিভিন্ন ধৰণে সহায় কৰিছিল ৷ তাৰপৰা হোৱা লাভাংশৰ জৰিয়ঁতে প্ৰকাশক সকলে উত্কৃষ্ট বুলি গণ্য কৰা, কিন্তু বেছি বিক্ৰী হোৱাৰ সম্ভাৱনা নথকা সাহিত্যিকসকলক শকত আগধন দিবলৈ সক্ষম হৈছিল ৷ (এজন ভাল প্ৰকাশকৰ কাম সেয়ে বাণিজ্যিক ভাবে সফল সাহিত্য প্ৰকাশ কৰাও, যাতে কলাত্মক সাহিত্য ৰচা সাহিত্যিক সকলক সন্মানীয় পাৰিশ্ৰমিক দিব পাৰে ৷ এখন সুস্থ সাহিত্য জগতত দুয়োটাৰে প্ৰয়োজন)৷

গতিকে ভেনিটি কিতাপ বন্ধ হোৱাৰ কোনো প্ৰশ্নই নুঠে ৷ সাহিত্য উদ্যোগ এটাক ই সাৰ-পানী যোগায় ৷ কিন্তু এই প্ৰথাৰ ফলত আমাৰ সাহিত্যৰ ক্ষতি হ’ব নালাগে ৷ এই স্খলন কেনেধৰণে ৰোধ কৰিব পাৰি? আচলতে পৃথিৱীৰ বহুতো নামী প্ৰকাশকৰ ভেনেটি কিতাপৰ বিভাগ আছে ৷ আমাজন প্ৰকাশনে যেনেকৈ উচ্চ মানদণ্ডৰ সাহিত্যিকৰ লেখা, ভাল অনুদিত লেখা প্ৰকাশ কৰে, ঠিক তেনেদৰে তেওঁলোকৰ কেডিপি নামৰ বিভাগটোৱে ভেনিটি কিতাপ প্ৰকাশ কৰে ৷ পেংগুইনৰো তেনেদৰে এটা বিভাগ আছে “বুক কাউনটি“ বুলি, য’ত আপুনি টকা দি নিজৰ কিতাপ ইংৰাজীত প্ৰকাশ কৰিব পাৰে : ইয়াত আপুনি ডেৰশ কপি কিনিব নালাগে, ২০১১ৰ তথ্যমতে আৰু দ্য গাৰ্দিয়েন কাকতত প্ৰকাশিত প্ৰতিবেদনৰ মতে আপুনি ৯৯ মাৰ্কিন ডলাৰ দিলেই হ’ব ৷ কিতাপ লিখি আনক, প্ৰকাশ কৰক, লৈ যাঁওক ৷ তাৰ পিছত আপুনি গুৱাহাটী প্ৰেছ ক্লাবতে সংবাদমেল পাতে নে দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰতে সংবাদমেল পাতে, সেইয়া আপোনাৰ কথা ৷

এই বিভাগবোৰক ইংৰাজীত “ইম্প্ৰিন্ট“ বুলি কয় ৷ যেনে ধৰা হ’ল, “পেংগুইন পেপাৰবেক“ এটা ইম্প্ৰিন্ট য’ত মাত্ৰ কেচাঁবন্ধা কিতাপহে প্ৰকাশ হয় ৷ ঠিক তেনেদৰে “পেংগুইন ক্লাচিক্চ“ আন এটা ইম্প্ৰিন্ট য’ত অকল কালজয়ী সাহিত্য প্ৰকাশ হয় ৷ অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় এক বিজ্ঞাপন কিতাপখনৰ ইংৰাজী অনুবাদ “পেংগুইন ভাইকিঙ“-এ প্ৰকাশ কৰিছিল য’ত অৰুন্ধুতী ৰয়, অভিতাভ ঘোষ আদিৰ দৰে সাহিত্যিকৰ পকাবন্ধা কিতাপ ওলায়; ভাইকিঙৰ মোহৰ মৰা সকলো কিতাপ পকাবন্ধাকৈহে প্ৰকাশ কৰে ৷ কোনটো বিভাগৰ দ্বাৰা বা কোনটো ইম্প্ৰিন্টত কি প্ৰকাশ পাব, সেইয়া সন্মানৰ কথা ৷ কিতাপখন যদি প্ৰকাশকে সিমান গুৰুত্বপূ্ৰ্ণ বুলি নাভাবে, তেতিয়া পোনপ্ৰথমেই পেপাৰবেক বা কেচাঁবন্ধা কৰি প্ৰকাশ কৰে কিন্তু কিতাপখনৰ যদি বিশাল বাণিজ্যিক সম্ভাৱনা আছে বুলি প্ৰকাশকে ভাবে, তেতিয়াও বাণিজ্যিক ধৰণে বেটুপাত আঁকি কেচাঁবন্ধা হিচাপে প্ৰকাশ কৰে ৷ আকৌ ঘোষ, ৰয়, পূজাৰী আদিৰ কিতাপবোৰৰ যেতিয়া পকাবন্ধা সংস্কৰণৰ বিক্ৰী শেষ হয়, তেতিয়া সেইবোবোৰ পেপাৰবেকক প্ৰকাশ কৰে কিন্তু বেটুপাতবোৰ কলাত্মকধৰণে প্ৰকাশ কৰে ৷ নতুন লেখকৰ কিতাপো ভাইকিং ইম্প্ৰিন্টৰ দ্বাৰা প্ৰকাশ কৰে যদিহে কিতাপখনৰ কলাত্মক মানদণ্ড উচ্চমানৰ বুলি প্ৰকাশকে ভাবে ৷

গতিকে অসমীয়া প্ৰকাশক সকলে যদি ভেনিটি কিতাপ প্ৰকাশ কৰি থাকিব বিচাৰে সেইটো সাহিত্য জগতৰ ক্ষতি নোহোৱাকৈ কেনেদৰে চলাই থাকিব পাৰিব? ধৰা হ’ল, প্ৰকাশকৰ নাম “ডালিমী প্ৰকাশন“৷ কল্পনা কৰক ডালিমী প্ৰকাশন অসমৰ এটা আগশাৰীৰ প্ৰকাশক ৷ ডালিমী প্ৰকাশনে মামণি ৰয়ছমৰ পৰা আদি কৰি অনুৰাধা পূজাৰীলৈকে আৰু পঞ্চানন হাজৰিকালৈকে ন-পুৰণি সকলো সাহিত্যিকৰ কিতাপ প্ৰকাশ কৰি আহিছে বছৰ বছৰ ধৰি ৷ মুঠতে ডালিমী অসমৰ পেংগুইন ৷ এতিয়া যদি ডালিমীয়ে টকা লৈ কিতাপ প্ৰকাশ কৰাৰ বজাৰখনতো সোমাবলৈ বিচাৰে আৰু নিজৰ ব্ৰেণ্ড ইমেজ আৰু মানদণ্ডটোৱো বৰ্তি থকাটো বিচাৰে তেওঁলোকে কি কৰা উচিত? কাৰণ ডালিমী প্ৰকাশনে যি-টি কিতাপ প্ৰকাশ নকৰে ৷ ডালিমীত প্ৰকাশ হোৱা সাহিত্যৰ মানদণ্ড অতি উত্তম ৷ টকা লৈ স্বপ্ৰকাশ কৰা সাহিত্যিকৰ কিতাপ প্ৰকাশ কৰিলে পাঠকে ডালিমীৰ কিতাপৰ প্ৰতি থকা আস্থা হেৰুৱাই পেলাব, আৰু “পইচা দি প্ৰকাশ কৰা কিতাপ আকৌ পইচা দি কিয় কিনিম“ বুলি হাঁহিব ৷ কিন্তু ভেনিটি প্ৰকাশনৰ বজাৰখনো ৰমৰমীয়া, এৰিবৰো মন নাযায় ৷ গতিকে ডালিমীয়ে যিমানবোৰ ভেনিটি কবিতা-গল্প সংকলন আৰু উপন্যাস প্ৰকাশ কৰে সেইবোৰ “ডালিমীৰ নবীন“ নাম দি এটা বিভাগ বা ইম্প্ৰিন্ট সৃষ্টি কৰি বজাৰত মেলি দিব পাৰে ৷ এনে কৰিলে, পাঠকলৈ ইংগিত দিয়া হ’ব যে এইবোৰ কিতাপ ভেনিটি কিতাপহে, কোনো কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে গৈ সেই কিতাপবোৰে প্ৰকাশৰ মুখ দেখা নাই ৷ যাৰ-যাৰ ডেৰশ কপিৰ কিনি নিজৰ নামত কিতাপ উৎপাদন -- প্ৰকাশ নহয় – কৰাৰ ইচ্ছা আছে, তেওঁলোকে দেখুৱাব পাৰে সেই টকাৰ দৌৰৰ দৌৰাত্ম্য ৷

সাহিত্যিকৰ প্ৰতিভাক কেন্দ্ৰীভূত কৰি চলা সাহিত্য জগত এখন সদায় জীয়াই থাকিব ৷ বিশ্ব সাহিত্যৰ ৰূপত অসমীয়া সাহিত্যক কল্পনা ময়ো কৰোঁ, কিন্তু আমাৰ আধাৰশিলাবোৰ সুন্দৰ আৰু সুঠাম কৰি তুলিলে সেই কাম সহজ হৈ পৰিব ৷ আজি কেইবা বছৰৰ পৰা মই এই আক্ষেপ শুনি আহিছোঁ যে অসমীয়া সাহিত্য কিয় বাহিৰলৈ ওলাই নাযায়? যাব, অনুবাদো হ’ব, মানুহেও আকোঁৱালি ল’ব, কিন্তু আমি সকলোৱে ইয়াৰ মানদন্ডৰ উত্তৰণ ঘটাবলৈ এখন নিকা আৰু গণতান্ত্ৰিক সাহিত্য সংস্কৃতিৰ গঢ় দিব লাগিব ৷ তেতিয়াহে আমাৰ সাহিত্য আন মানুহে পঢ়িব ৷ ভেনিটি কিতাপে এটা উদ্যোগক জীপাল কৰি ৰাখে; গতিকে পুনৰায় কৈছোঁ, এই প্ৰথা অপ্ৰয়োজনীয় নহয় ৷ কিন্তু লেখক নিৰ্বাচন প্ৰক্ৰিয়া এটা নস্যাত কৰা সাহিত্য উদ্যোগ এটা বেছিদিন জীয়াই নাথাকে ৷

← বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটত অসমীয়া সাহিত্য: সাহিত্যৰ সমৃদ্ধিত সম্পাদকৰ ভূমিকা বিশ্ব সাহিত্য হিচাপে অসমীয়া সাহিত্য: কেনেকৈ গঢ়িব পাৰো আমি এটা সবল সাহিত্য উদ্যোগ? →

Powered by Squarespace